Md Abu Shama Alam
Joined 30 October 2018
শিপা
কবি : মহ: আবু শ্বামা আলম ৰচনাকাল: 17/09/2014
মোৰ দুচকুৰ প্লাৱন
অৱনমিত হয় ,
তোমাৰ যন্ত্ৰণাক্লিষ্ট মৰমত ;
মোৰ বুকু চিৰা-চিৰ হয় ,
তোমাৰ নিষ্ঠুৰ বিৰহত......
তুমি- নিষ্ঠুৰ প্ৰিয়তমা অসীম তোমাৰ ৰূপৰ গৰিমা মূল্যহীন কৰিলা মোৰ বুকুৰ নিৰ্মল ভালপোৱা তুমি নিষ্ঠুৰ অনুপমা ....
মোৰ হৃদয়ত .... তুমিয়েইতো এদিন ৰুইছিলা ভালপোৱাৰ বীজ যি অংকুৰিত হৈ বৃক্ষৰ ৰূপ ধৰিছিল ; যাৰ শীতল .... স্নিগ্ধ ছায়াত জিৰাইছিলা ...... তুমি নিজেই ......
কি কাৰণত
কাটি পেলালা সেই ভালপোৱাৰ গছ , যাৰ শিপাৰ একাংশ মোৰ বুকুত থাকিয়েই গ’ল; সি আকৌ গজালি মেলিছে....
অৰ্ধভগ্ন হৃদয় লৈ
এতিয়াও অপেক্ষাৰত মই
তুমি অহালৈ .....